ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে’লপথছোৱা পুনৰ ৰে’ল চলাচলৰ বাবে মুকলি কৰা হৈছে। ডিমা হাচাও জিলাৰ দিহাখো আৰু মুপা ষ্টেছনৰ মাজৰ ৰে’লপথছোৱা কালি বৃহৎ শিল আৰু মাটি খহি অহাৰ ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল। উত্তৰ-পূৱ সীমান্ত ৰে’লৱে সূত্ৰৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে, ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত ৰে’লপথৰ পৰা শিল, বালি আঁতৰোৱাৰ পাছত আজি পুৱা ৯ বাজি ৪২ মিনিটৰ পৰা এই ৰে’লপথেৰে পুনৰ ৰেল চলাচলৰ অনুমতি দিয়া হয়। আগৰতলাৰ পৰা মুম্বাইৰ লোকমান্য তিলক টার্মিনেছলৈ যাত্ৰা কৰা ১২৫২০ ৰে’লগাড়ীখনে ইয়াৰ পাছত সুকলমে ৰে’লপথছোৱা অতিক্ৰম কৰে। কালি লামডিং-শিলচৰ-বদৰপুৰ আৰু আগৰতলাত ৰখাই থোৱা ৰে’লগাড়ীসমূহৰ যাত্ৰীসকলক খাদ্য আৰু খোৱাপানী যোগান ধৰা হয় বুলি ৰে’লৱে সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | July 4, 2025 6:35 PM | Rail line
ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং-শিলচৰ ৰে’লপথছোৱা পুনৰ মুকলি