শেহতীয়া বানত ক্ষতিগ্রস্ত ৩৬ হাজাৰ ৭০৩ টা বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে পাঞ্জাৱ চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বুলি কেন্দ্রীয় কৃষি আৰু গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। লুধিয়ানাত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পূৰ্বতে ১৪ হাজাৰ বাসগৃহৰ প্ৰস্তাৱ দিছিল আৰু পাছত পুনৰনিৰ্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা বাসগৃহৰ সংখ্যা ৩৬ হাজাৰ ৭০৩ টা বৃদ্ধি কৰা হৈছিল। প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত কৃষি আৰু গ্রামোন্নয়ন মন্ত্র্যালয়ে যোৱা নিশা এই প্রস্তাব গ্রহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। শ্রীচৌহানে কয়, যে এই সন্দৰ্ভত পাঞ্জাৱৰ কৃষি মন্ত্রী গুৰমিত সিং খুদিয়ানলৈ সন্মতি পত্ৰ প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয়, যে ৰাজ্যখনৰ বান প্রভাবিত খেতিয়কসকলক বিনামূলীয়া শস্যৰ বীজ প্রদান কৰিবলৈ ৭৪ কোটি টকা মোকলাই দিয়া হৈছে। মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আইন কাৰ্য্যসূচীৰ অধীনত কর্ম দিন ১০০ৰ পৰা ডেৰশ দিনলৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।
Assamese | October 14, 2025 8:26 PM | Punjub flood
পাঞ্জাৱৰ বানত ক্ষতিগ্রস্ত বাসগৃহৰ পুনৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰহণ