মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৌগলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানীৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ ৫০০ কিলোগ্রাম লিচু ৰপ্তানী কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰ আগত কয়, যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন পৰিষদ, এপেডাৰ জৰিয়তে ডুবাইলৈ এহেজাৰ কিলোগ্রাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়, যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজি নেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰি। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচু ৰপ্তানীৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্ট মানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তর্জাতিক পর্যায়ত চিনাকি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।