June 13, 2026 1:15 PM

views 16

ভৌগলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভৌগলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানীৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ ৫০০ কিলোগ্রাম লিচু ৰপ্তানী কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰ আগত কয়, যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সক্ষম হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন পৰিষদ, এপেডাৰ জৰিয়তে ডুবাইলৈ এহেজাৰ কিলোগ্রাম লিচু ৰপ্তানি কৰা হৈছিল বু...