June 13, 2026 1:39 PM | Ration Card E-KYC

printer

ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ই কে বাই চি সম্পন্ন কৰিবলৈ আহ্বান

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক অতি শীঘ্রে ই কে বাই চি সম্পন্ন কৰিবলৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগে আহ্বান জনাইছে। বিভাগে জনোৱা মতে ৰেচনৰ সুবিধা লাভ কৰিবলৈ ই-কে বাই চি সম্পন্ন কৰাটো বাধ্যতামূলক। হিতাধিকাৰীসকলে নিকটৱৰ্তী সুলভ মূল্যৰ দোকান অথবা সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত গৈ এই প্রক্রিয়া সম্পন্ন কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে।