June 13, 2026 12:54 PM | NE CM-NITI Aayog

printer

নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক লৈ নীতি আয়োগৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্রান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্রকাশ কৰিছে। নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্রীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে প্ৰতিখন ৰাজ্যৰ সম-উন্নয়ন নহ’লে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এইক্ষেত্ৰত নীতি আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ড° শর্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তবর্তী অঞ্চলত থকা হাইড্ৰ’কাৰ্কাৰ দৰে প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্রকাশ কৰে।