June 13, 2026 12:54 PM

views 19

নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবক লৈ নীতি আয়োগৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্রান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি প্রকাশ কৰিছে। নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্রীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে প্ৰতিখন ৰাজ্যৰ সম-উন্নয়ন নহ'লে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এইক্ষেত্ৰত নীতি আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম...