প্ৰধানমন্ত্ৰীৰ সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহে ১০ হাজাৰ ৯০৭কোটি টকাৰ ৫ লাখৰো অধিক ঋণ আবেদনত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, ঘৰৰ মুধচত সৌৰ বিদ্যুৎ উৎপাদন প্রণালী স্থাপনৰ বাবে হিতাধিকাৰীসকললৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে এই ঋণৰ অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকৰ জৰিয়তে ঋণ প্রদানৰ প্ৰক্ৰিয়া সুগম কৰি তোলা হৈছে আৰু কম সুদৰ অতিৰিক্ত বন্ধকী অবিহনে ঋণৰ ব্যৱস্থা কৰা হৈছে।
Assamese | October 7, 2025 8:15 PM | PSB Loan
প্ৰধানমন্ত্ৰীৰ সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ অধীনত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ ১০,৯০৭ কোটি টকাৰ ৫ লাখৰো অধিক ঋণ আবেদনত অনুমোদন