২০১৭ চনৰ ১১ খন পলিটেকনিক প্ৰতিষ্ঠানত নিযুক্তি দিয়া অংশকালীন প্রবক্তাসকলে আজি গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম পলিটেকনিক প্রতিষ্ঠাপক ফেকাল্টি সন্থাৰ উদ্যোগত পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ কৰি অংশকালীন প্রবক্তাসকলে চাকৰি নিয়মীয়াকৰণ আৰু মাহিলী দৰমহা প্ৰদান কৰাক লৈ অসম চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে ১৫ দিনৰ ভিতৰত চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই তেওঁলোকৰ দাবীসমূহৰ সমাধানৰ ব্যৱস্থা নকৰিলে অনির্দিষ্টকাললৈ ধৰ্ণা কাৰ্যসূচী পালন কৰিব বুলি প্ৰকাশ কৰে।
Assamese | January 27, 2025 8:13 PM | poliytecnic
পলিটেকনিক প্ৰতিষ্ঠানৰ অংশকালীন প্রবক্তাসকলৰ চচলত প্ৰতিবাদ সাব্যস্ত