December 4, 2024 12:26 PM | Polio Vaccine

printer

অহা ৮ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ

অহা ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰতিষেধক কার্যসূচী ৰূপায়ণ কৰা হ‘ব। দেশৰ ২৩৪খন জিলাত ৰূপায়ণ হ‘বলগীয়া এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত অসমৰ ২৭খন জিলাক সামৰি লোৱা হৈছে। এই তিনিদিনীয়া অভিযান কালত পূৰ্বৰ পাচ পোলিঅ‘ অভিযান কালত বাদ পৰি যোৱা ৫ বছৰৰ তলৰ সকলো শিশুকে পোলিঅ‘ প্রতিষেধক প্ৰদান কৰা হ‘ব। ৮ ডিচেম্বৰত প্ৰতিষেধক প্ৰদান কেন্দ্ৰত এই পোলিঅ‘ প্রতিষেধক পালি খুওৱা হ‘ব। ইয়াৰ পৰা বাদ পৰি যোৱা শিশুসকলক ৯ আৰু ১০ ডিচেম্বৰত স্বাস্থ্য কর্মীয়ে ঘৰে ঘৰে গৈ পোলিঅ‘ প্ৰতিষেধক প্ৰদান কৰিব।