সিন্দূৰ অভিযানে প্ৰতিগৰাকী ভাৰতীয়কে সশস্ত্র বাহিনীসমূহৰ প্ৰতি কৃতজ্ঞ কৰি তোলাৰ লগতে সকলোকে গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি পাকিস্তানৰ পাঞ্জাব সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে চুবুৰীয়া দেশখনৰ পৰা ৰাজ্যখনৰ শান্তি ভংগ কৰিব খোজাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’লেও ভাৰতীয় সেনা বাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই যাব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে পাকিস্তানৰ সৈতে পাঞ্জাবৰ ৫৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চল আছে। অমৃতচৰ, ফাজিলকা, ফিৰোজপুৰ, তাৰ্ণতৰণ, গুৰদাসপুৰ, আৰু পাথানকোটৰ বাসিন্দাসকলে ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত -পাকিস্তানৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ প্ৰত্যক্ষ কৰিছিল আৰু তেওঁলোক ভাৰতীয় সশস্ত্র বাহিনীৰ সপক্ষে থিয় দিয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু আছে।
Assamese | May 7, 2025 9:15 PM | pakistan punjab people support indian army
পাকিস্তানৰ পাঞ্জাব সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ ভাৰতীয় সেনা বাহিনীক সম্পূর্ণ সমর্থন আগবঢ়াই যোৱাৰ আশ্বাস