পঞ্জাবত সশস্ত্র বাহিনীয়ে যোৱা নিশা পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত কৰে। জলন্ধৰ, পাঠানকোট আৰু ভাটিণ্ডাকে ধৰি কেইবাখনো জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে, পাকিস্তানে ড্ৰ’নকে ধৰি নিক্ষেপ কৰা আন বিভিন্ন ক্ষেপনাস্ত্র সশস্ত্র বাহিনীয়ে নিষ্ক্রিয় কৰে। এই আক্ৰমণত এই পর্যন্ত কোনো ক্ষয়-ক্ষতিৰ খবৰ প্ৰকাশ পোৱা নাই। পাকিস্তানৰ সৈতে ৫৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত বাটোৱাৰা পঞ্জাবত সম্প্রতি হাই এলাৰ্ট জাৰি কৰা হৈছে। পঞ্জাব আৰক্ষীয়ে ইতিমধ্যে জোৱানসকলৰ সকলো ছুটী বাতিল কৰিছে। যিকোনো চিকিৎসা সম্পর্কীয় বা আন জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ’ব পৰাকৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগক সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত বন্ধ ঘোষণা কৰাৰ লগতে সকলো পৰীক্ষাও স্থগিত ৰখা হৈছে।
Assamese | May 9, 2025 12:35 PM | operation sindoor
পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত সশস্ত্ৰ বাহিনীৰ