ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় অহা ৬ আগষ্টত শুভাৰম্ভ কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি ৰূপায়ণ সন্দৰ্ভত কালি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এখন বৈঠকত মন্ত্ৰী-বিধায়ক, জিলা আয়ুক্ত, শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু সংহত শিক্ষক প্রশিক্ষণ কাৰ্যসূচী তথা বি এড পাঠ্যক্রম গ্ৰহণৰ বাবে যোগ্য ছাত্ৰীসকলক প্ৰপত্ৰ বিতৰণৰ জৰিয়তে এই আঁচনিৰ শুভাৰম্ভ কৰা হ’ব। আঁচনিখনে যাতে সর্বাধিক সংখ্যক ছাত্রীক উপকৃত কৰিব পাৰে, তাৰবাবে ইয়াৰ স্বচ্ছ আৰু নিয়াৰিকৈ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত আৰু শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলক নির্দেশ দিয়ে। এই কল্যাণমূলক আঁচনিখন ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীৰ সপোন পূৰ্ণত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ জিলা আয়ুক্ত আৰু শিক্ষা বিভাগক নিযুত মইনা আঁচনিখনক শিক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু পৰিৱৰ্তনশীল প্রশাসন ব্যৱস্থাৰ আদর্শ হিচাপে গঢ়ি তুলিবলৈও নির্দেশ দিছে। তেওঁ কয়, যে নিযুত মইনাৰ দ্বিতীয় সংস্কৰণত তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়কে ধৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৰাজ্যৰ ছাত্ৰীসকলকো সামৰি লোৱা হ’ব ।
Assamese | July 31, 2025 1:33 PM | nijut-moina-2n-phase
অহা ৬ আগষ্টত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় শুভাৰম্ভ