ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্রা প্রদানৰ প্রস্তুতি চলাইছে। সংস্থাটোৱে পাৰমাণৱিক শক্তি বিভাগৰ সৈতে যৌথভাৱে অত্যাধুনিক ‘কৃত্রিম তাপ প্রণালী’ বিকশিত কৰিছে, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰযানৰ লেণ্ডাৰসমূহ চন্দ্ৰৰ অত্যন্ত প্ৰতিকূল বতৰতো সুৰক্ষিত থাকিব পাৰিব।
বেংগালুৰুত অনুষ্ঠিত এখন সন্মিলনত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে এই কথা সদৰী কৰে। তেওঁ লগতে উল্লেখ কৰে যে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল আছিল বাবে চন্দ্রত মাত্র ১৪ দিনহে কার্যক্ষম আছিল। কিন্তু নতুন প্রযুক্তিৰ সফল প্ৰয়োগৰ মাধ্যমেৰে লেণ্ডাৰসমূহে চন্দ্ৰৰ প্ৰতিকুল বতৰৰ পৰা ৰক্ষা পৰি ২০০ দিনলৈ অনায়াসে কাম কৰি থাকিব পাৰিব। উল্লেখযোগ্য যে চন্দ্রপৃষ্ঠত দিন আৰু ৰাতিৰ সময়ছোৱা প্রায় ১৪ দিনকৈ হয় আৰু এই সময়ছোৱাত চন্দ্ৰৰ তাপমাত্রা ১২১ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি হোৱাৰ বিপৰীতে নিশাৰ ভাগত -১২৯ ডিগ্রী চেলছিয়াছ পর্যন্ত হ্রাস পায়।
এই উন্নত প্ৰযুক্তিৰ সমান্তৰালভাৱে ইছৰোৱে দেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে। বিশেষকৈ চিএছআইআৰ (CSIR)ৰ সৈতে ৪টা প্রযুক্তিগত ক্ষেত্ৰত কাম কৰিবলৈ সংস্থাটোৱে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অতি আকাংক্ষিত ‘গগনযান’ অভিযানৰ বাবে মহাকাশৰ স্বাস্থ্যসেৱা প্ৰযুক্তিৰ উন্নয়নৰ অর্থে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগতে ব্যক্তিগত খণ্ডৰ সৈতেও সংস্থাটোৱে সমন্বয় ৰক্ষা কৰি চলিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত শেহতীয়াকৈ সম্পন্ন হোৱা মাইক্ৰ’গ্রেভিটি পৰীক্ষাসমূহতো ইছৰোৱে জৈৱ প্রযুক্তি বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বহুমুখী সহযোগিতামূলক পদক্ষেপসমূহে ভাৰতক মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰভাৱশালী শক্তিৰূপে প্রতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।