প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ফ্রান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিছত উপস্থিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ফ্রান্স আৰু শ্ল’ভাকিয়া ভ্রমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ নিছত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে আলোচনাত মিলিত হ’ব আৰু যৌথভাৱে ভাৰত ইন’ভেটছ মুকলি কৰিব। প্রধানমন্ত্রীয়ে জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোদী নিছত উপস্থিত হোৱাৰ লগে লগে হোটেল নেগ্রেছকোত প্রবাসী ভাৰতীয়সকলে তেওঁক সম্বর্ধনা জনায়। প্রধানমন্ত্রীৰ সন্মানার্থে ফৰাচী আৰু ইটালীৰ শিল্পীসকলে কথক, ওডিচী আৰু ভাৰতনাট্যম নৃত্য প্রদর্শন কৰে।

ভাৰতীয় সময়ৰ অনুসৰি আজি দিনৰ আঢ়ৈ বজাত প্রধানমন্ত্রী শ্রীমোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’ই যৌথভাৱে ভাৰত ইন’ভেটছ মুকলি কৰাৰ লগতে প্রযুক্তি, প্ৰতিৰক্ষা, উদ্ভাৱন আৰু কৌশলগত বিষয়কে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ বাবে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ফ্ৰান্সৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ল’ভাকিয়ালৈ যাত্রা কৰিব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিছৰ প্ৰবাসী ভাৰতীয়সকলে তেওঁক জনোৱা অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা প’ষ্টত শ্রীমোদীয়ে এই মুহূর্তটো স্মৰণীয় বুলি অভিহিত কৰি কয়, যে ঘৰৰ পৰা বহু কিলোমিটাৰ দূৰৈত থকাৰ পাছতো ভাৰতৰ সৈতে প্রবাসী ভাৰতীয়সকলৰ বন্ধন পূৰ্বৰ দৰেই সুদৃঢ় হৈ আছে।