ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি অসম মন্ত্রীসভাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই অনুসৰি ভৱিষ্যতে ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্রদান কৰিবলগীয়া হ’লে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

ড০ শর্মাই কয়, যে চাহ জনজাতি আৰু অনুসূচীত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ ২৭ মার্চ পর্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ’ব।

মন্ত্রীসভাই ১ জুলাইৰ পৰা অসমত বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ’ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত দুহেজাৰ কোটি টকা ব্যয় কৰা হ’ব। এই আঁচনিৰ অধীনত পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ’ব।