উত্তৰ-পূব সীমান্ত ৰে’লৱেই সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা ৮ ডিচেম্বৰৰ পৰা পালন কৰা ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি পৰে। শক্তিৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ চৌহদৰ সমীপত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীৰ অধীনত বিগত সপ্তাহটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন স্থানত শক্তি অপচয় প্ৰতিৰোধৰ বাবে বেনাৰ আৰু শ্লোগানেৰে পদযাত্ৰা উলিওৱাৰ লগতে উন্নত দৃশ্যমানতা সম্পন্ন ৰে’লৱে চৌহদসমূহত পোষ্টাৰ লগোৱা হয় ৷
Assamese | December 14, 2024 8:06 PM | nf railway programme
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি