চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা অর্থাৎ নীট চলিত বৰ্ষত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষাৰ নীতি নিয়মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। যোৱা ৫ মেত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল যোৱা ৪ জুনত ঘোষণা কৰা হয়। এই পৰীক্ষাত ৬০০ টা কেন্দ্ৰত অৱতীৰ্ণ এহেজাৰ ৬শ গৰাকী প্ৰাৰ্থীয়ে প্ৰশ্নকাকত বিতৰণৰ সময় ভুল হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ লিখাৰ বাবে সময় নাটনি হোৱা বুলি উত্থাপন কৰা অভিযোগৰ পাছত সংস্থাটোৱে এই বিষয়ে প্ৰকাশ কৰে। সংস্থাটোৱে কয় যে, এই ছাত্র-ছাত্ৰীসকলৰ ক্ষতিপূৰণৰ দিশটো চোৱা-চিতা কৰাৰ বাবে এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি সংস্থাৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰ সিঙে লগতে কয় যে প্রয়োজন সাপেক্ষে আৰু সমিতিৰ পৰামৰ্শ মৰ্মে ফলাফল পুনৰীক্ষণ কৰা হ’ব। অৱশ্যে যি সিদ্ধান্তই লোৱা নহওক কিয় ইয়াৰ দ্বাৰা ২৩ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই এহেজাৰ ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনো কাৰণতে ক্ষতি নোহোৱাটো নিশ্চিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, এই ছাত্র-ছাত্ৰীসকলৰ ফলাফল বা নম্বৰৰ পুনৰীক্ষণ কাৰ্যই সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো প্ৰভাৱিত নকৰে। উল্লেখযোগ্য যে, এই ১৬০০ পৰীক্ষাৰ্থীৰ ৫০ দশমিক ৫-৪ শতাংশৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে সামগ্ৰিকভাৱে এই পৰীক্ষাৰ এইবাৰৰ কোৱালিফায়িং ৰেট ৫৬ শতাংশ আছিল।
Assamese | June 8, 2024 9:05 PM | neet nta
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত ‘নীট’ত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখা বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ প্ৰকাশ