September 18, 2026 1:37 PM | World Bamboo Day

printer

পৰিৱেশ সংৰক্ষণ, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগতাৰ বাবে বিশ্ব বাঁহ দিৱস পালন

আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে ১৮ ছেপ্তেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। ২০০৯ চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ ছালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল।

এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অর্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নৱীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে।

 উল্লেখযোগ্য যে ভাৰতত থকা ১৩১ বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত ৫১ বিধেই অসমত হয়। ৰাজ্যখনৰ ৩১ হাজাৰ হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধনাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্রকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্রতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে পৰম্পৰাগত ঘৰ-দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোক জীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্রোতভাবে জড়িত।

বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অর্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে।