নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত কালি সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এমোনিয়া উৎপাদন কৰা তৃতীয় গোটটোত সন্ধিয়া প্রায় ৭ বজাত জুই লাগে। জুইৰ লেলিহান শিখাই পলকতে সমগ্ৰ এলেকাটো আঁৱৰি লয়। অৱশ্যে সাৰ কাৰখানা, ৰাজ্যিক অগ্নি নির্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ অগ্নি নির্বাপক বাহিনী ৪৫ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সমর্থ হয়। আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনোৱা মতে অগ্নিকাণ্ডত সাৰ কাৰখানাটোৰ এয়াৰ কম্প্ৰেচাৰ সম্পূৰ্ণৰূপে ধবংস হয়। উল্লেখযোগ্য যে, নামৰূপ সাৰ কাৰখানা- ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ বৰ্তমান চলি থকা এই তৃতীয় গোটটোৱে উৎপাদনৰ ক্ষেত্ৰত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সমর্থ হৈছিল। চলিত বর্ষত মাত্র ৪ মাহত এপ্রিল পৰা জুলাইলৈ এই উৎপাদন গোটটোরে ১ লাখ ২০০৩ মেট্রিক টন ইউৰিয়া উৎপাদন কৰি অভিলেখ গঢ়িছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণৰ সময়ত সাৰ কাৰখানাটোৰ নতুন এটা গোটৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। নতুন গোটটোক কার্যক্ষম হ’বলৈ প্রায় ৪-৫ বছৰ প্ৰয়োজন হ’ব। এই সময়ছোৱাত তৃতীয় গোটটোত সংঘটিত দুর্ঘটনাটোৱে সাৰ কাৰখানাটোত কর্মৰত ৪ শতাধিক বিষয়া-কর্মচাৰী আৰু প্ৰায় ১২০০ অস্থায়ী কৰ্মচাৰীৰ সৈতে উদ্যোগটোলৈকে শংকা কঢ়িয়াই আনিছে বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে।
Assamese | December 8, 2025 11:39 AM | Namrup
নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান উৎপাদনক্ষম তৃতীয় গোটত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত