অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া প্ৰচেষ্টাত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯ জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা হোজাই আৰু বিশ্বনাথ জিলাৰ দুগৰাকী মহিলাসহ তিনিজনক আৰক্ষীয়ে গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰা লৈ গৈ বি এছ এফক হস্তান্তৰ কৰে। জিলা প্রশাসনে যোৱা শনিবাৰে এটা নিৰ্দেশ যোগে এই লোক কেইজনক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নির্দেশ দিছিল।
Assamese | December 22, 2025 12:05 PM | nagaon karbi anglong
নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে