ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু আৰু তেলেংগানালৈ যাব। কৰ্ণাটকৰ মালাৱলীত ৰাষ্ট্ৰপতিগৰাকীয়ে আদি জগদগুৰু শ্ৰী শিৱৰাথ্ৰীশ্বৰ শিৱযোগী মহা স্বামীজীৰ ১০৬৬ সংখ্যক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব। শ্ৰীমতী মুৰ্মুৱে কাইলৈ তামিলনাডুলৈ যাব আৰু তাত তেওঁ ভেল্লুৰৰ গ’ল্ডেন টেম্পল দৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ চেকেন্দ্ৰাবাদৰ বলাৰুমৰ ৰাষ্ট্ৰপতি ভৱন নিলায়মত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে শুকুৰবাৰে তেলেংগানা লোকসেৱা আয়োগৰ দ্বাৰা হায়দৰাবাদত আয়োজিত লোকসেৱা আয়োগৰ অধ্যক্ষৰ ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে ২১ সংখ্যক জয়ন্তী উপলক্ষে ব্ৰহ্মকুমাৰী শান্তি সৰোবৰে শনিবাৰে হায়দৰাবাদত আয়োজন কৰা ভাৰতৰ কালজয়ী প্রজ্ঞাঃ শান্তি আৰু প্ৰগতিৰ পথ শীর্ষক সন্মিলনতো ভাষণ দিয়াৰ কথা আছে।
Assamese | December 16, 2025 12:28 PM | murmu visit lamilnadu
সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু, তেলেংগানালৈ যাব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু