কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ স্থিতি আৰু প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা চলায়। বৈঠকত ৰোগবিধৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত কোনো ৰোগী চিনাক্ত হলে সকলো বিমান বন্দৰ, বন্দৰ আৰু প্ৰৱেশপথত স্বাস্থ্য গোটসমূহৰ সংবেদনশীলকৰণ, পৰীক্ষাগাৰসমূহক সাজু কৰি তোলা আৰু প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য সুবিধাসমূহ সাজু কৰি ৰখা অন্যতম। পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত কালি বিশেষজ্ঞসকলৰ যুটীয়া নিৰীক্ষণ গোটৰ এখন বৈঠক অনুষ্ঠিত হোৱা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। স্বাস্থ্য মন্ত্ৰালয়ে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।
Assamese | August 17, 2024 8:06 PM | Monkey poks
দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্ৰকাশ