প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত কালি সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে এই দুৰ্ঘটনাত নিহত লোকসকল বিশেষকৈ যুৱ শিক্ষাৰ্থীসকলৰ মৃত্যুৱে তেওঁক গভীৰভাৱে ব্যথিত কৰিছে। নিহত লোকসকলৰ পৰিয়ালৰ তেওঁ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকসকলৰ আশু-আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে এই শোকাৱহ দুৰ্ঘটনাৰ বাবে ভাৰতে বাংলাদেশৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে আৰু সম্ভৱপৰ সকলো ধৰণৰ সহায়-সমৰ্থন আগবঢ়াবলৈ সাজু আছে।
Assamese | July 22, 2025 1:08 PM | modi on bangladesh air crash
বাংলাদেশত সংঘটিত বিমান দুৰ্ঘটনাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্রকাশ