মিছিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীলৈ ভৌগোলিক সূচ্যাংক বা জি আই টেগ স্বীকৃতিৰ প্ৰমাণপত্ৰ আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰদান কৰা হয়। আজি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আবেদনকাৰী সংস্থা হস্তশিল্প উন্নয়ন প্রতিষ্ঠানক এই প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মাৰ্ঘেৰিটাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি এই সফলতাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। মিছিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীলৈ এই স্বীকৃতিয়ে হস্ততাঁত শিল্পীসকলক ব্যৱসায়িকভাৱে উপকৃত কৰাৰ লগতে বিশ্বব্যাপি এই সামগ্ৰীসমূহৰ প্ৰদৰ্শনৰ এখন মঞ্চ মুকলি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
Assamese | November 25, 2024 8:21 PM | Missing Handloom
মিছিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীলৈ জি আই টেগ স্বীকৃতিৰ প্ৰমাণপত্ৰ