ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোলাঘাট জিলাৰ মেৰাপানীত আজি জ্ঞান বিকাশ বঁটাৰ অধীনত অঞ্চলটোৰ ৩টা সমষ্টিৰ ৯২গৰাকী ছাত্ৰ-ছাত্ৰীক চেক বিতৰণ কৰা হয়। ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদে বিগত বৰ্ষসমূহৰ দৰে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক চাওদাং পথাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত জ্ঞান বিকাশ বঁটা প্ৰদান কৰে। প্ৰতিগৰাকী শিক্ষাৰ্থীকে এটাকৈ মেহগণি গছৰ পুলি, প্ৰমাণপত্ৰ আৰু ১০ হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰা হয়।
Assamese | July 16, 2025 10:06 PM | merapani cheque distribution
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মেৰাপানীত জ্ঞান বিকাশ বঁটাৰ অধীনত ৯২গৰাকী ছাত্ৰ-ছাত্ৰীক চেক প্ৰদান