June 16, 2026 2:07 PM | neet telegram

printer

অহা ২১ জুনত পুনৰ হ’বলগীয়া NEETৰ পৰিপ্ৰেক্ষিতত ২২ জুন পর্যন্ত ‘টেলিগ্রাম’ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ

অহা ২১ জুনত পুনৰ হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা-NEET২০২৬ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২২ জুন পর্যন্ত ‘টেলিগ্রাম’ নামৰ সামাজিক মাধ্যমৰ এপ্লিকেচন আৰু অনলাইন বাৰ্তা প্ৰেৰণ নিষিদ্ধ কৰিছে।

 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA-ৰ বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ে এই সময়ছোৱাৰ বাবে টেলিগ্রাম নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। NTA-ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সামাজিক মাধ্যমবিধৰ জৰিয়তে ইতিমধ্যে প্ৰেৰণ কৰা বাৰ্তা ৩০ জুন পর্যন্ত সম্পাদনা কৰাৰ ব্যৱস্থা নাৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। 

ইয়াৰ ফলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা ৰোধ কৰাত সহায় হ’ব বুলি আশা কৰা হৈছে। NTA-ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ছ’চিয়েল মিডিয়া এপ্লিকেচনটোৰ পূৰ্বে অসাধু উপায়েৰে ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীসকলৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত লৈছে। 

ইয়াৰ আগেয়ে কালি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে পুনৰবাৰ হ’বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয় ।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ হ’বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা-নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTA-ৰ ৱেৱছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। ২১ জুনত দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষা অনুষ্ঠিত হ’ব।