ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ কৰ বিভাগৰ বিষয়াক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যত লক্ষ্যণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কামকাজৰ মূল্যায়ণ কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে।

তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জন সংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্রযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।