June 16, 2026 1:37 PM
25
ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ কৰ বিভাগৰ বিষয়াক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ৰাজ্যত লক্ষ্যণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কামকাজৰ মূল্যায়ণ কৰাৰ লগতে প্ৰযুক্তিচালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভার্চুৱেল ব...