যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেল’ ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ KIRTI পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, আধুনিক আই চি টি সা-সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্ত কৰণৰ উদ্দেশ্যে এই পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে কৈছে যে, একেখন মঞ্চৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰতিভাসমূহৰ চিনাক্তকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ৰূপায়ণৰ ব্যৱস্থা কৰাটোৱেই হৈছে ইয়াৰ অন্যতম উদ্দেশ্য। এই পৰ্যায়ত সকলো ৰাজ্যক সামৰি ২০২৪-২৫ বৰ্ষৰ সময়ছোৱাত ২০ লাখ ক্রীড়া প্রতিভাৰ মূল্যায়ন কৰা হ’ব। চলিত বৰ্ষৰ ১২ মাৰ্চত চণ্ডীগড়ত এই পদক্ষেপৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰা হৈছিল। এই পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তৰ ৭০টা কেন্দ্ৰত তিনি লাখ ৬২ হাজাৰ ৬৮৩ গৰাকী খেলুৱৈয়ে নাম পঞ্জীয়ন কৰা হৈছিল আৰু ১১ টা বিভিন্ন শিতানত এথলিটসকলৰ মূল্যায়ণ কৰা হৈছিল। এই শিতানসমূহ হৈছে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ফুটবল, হকী, কাবাডী, খো-খো, ভলীবল, ভাৰোত্তোলন আৰু মল্লযুঁজ।
Assamese | July 19, 2024 11:58 AM | mansukh khelo india
ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব