September 16, 2026 11:47 AM | Jubin divas

printer

১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ’ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ’ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, ১৯ ছেপ্তেম্বৰত গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ’ব।

ইপিনে লখিমপুৰ জিলাৰ হাৰমতীত কালি শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ডিব্ৰুগড়ৰ শিল্পী যদুমণি গগৈয়ে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ উপস্থিতিত উন্মোচন কৰা হয়। হাৰমতী আঞ্চলিক যুৱ সংঘ আৰু হাৰমতীবাসী ৰাইজৰ যৌথ উদ্যোগত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। এই সন্দৰ্ভত গৰিমা শ‍ইকীয়া গাৰ্গে এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।