September 16, 2026 11:47 AM
3
১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন
জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুবিন দিৱস উদযাপন কৰা হ'ব। কাইলৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, পৰহিলৈ সাংস্কৃতিক অনুষ্ঠান, ১৯ ছেপ্তেম্বৰত গুৰু আসন প্রতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। ইপিনে লখিমপুৰ জিলাৰ হাৰমতীত কালি শি...