September 16, 2026 11:27 AM | Assaam govt

printer

নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা

 নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ব্ৰিটিছ উপ-উচ্চায়ুক্ত ড০ এন্ড্রু ফ্লেমিং আৰু ব্ৰিটেইনৰ ৯টা আগশাৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে অসম-ব্ৰিটেইন নগৰ আন্তঃগাঁথনি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত নগৰীয়া আন্তঃগাঁথনি, পৰিবহণ আৰু যাতায়াত, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, জলবায়ু আৰু বানৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, স্বাস্থ্য আন্তঃগাঁথনি, কাৰিকৰী মান আৰু প্ৰতিষ্ঠানৰ সামৰ্থ বৰ্ধন কৰাৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠকত লগতে অসমৰ উন্নীত আন্তঃগাঁথনি, যাতায়াত আৰু যোগাযোগ প্রকল্প, দলং, সুৰংগ, নগৰ নৱীকৰণ ইত্যাদি সন্দৰ্ভত ব্ৰিটেইনৰ উপ-উচ্চায়ুক্তগৰাকীক অৱগত কৰোৱা হয়। তদুপৰি গোলকীয় পৰ্যায়ত মান সম্পন্ন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি ব্ৰিটেইনৰ দলটোক অৱগত কৰোৱা হয়। দক্ষিণ- পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে ব্ৰিটেইনৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাৰ কথাও দলটোক জনোৱা হয়।