September 16, 2026 11:12 AM | cm jorhat

printer

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে নিষিদ্ধ মাদকদ্ৰব্যৰ অবাধ পয়োভৰ ৰোধ কৰাৰ লগতে আসক্তসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত মাদকদ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত কয়, যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ব্যক্তিগত পুনৰ সংস্থাপন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰা হ’ব। তেওঁ কয়, যে মাদকদ্ৰব্যৰ সমস্যা অকল আইন-শৃংখলাজনিত সমস্যা নহয়, ইয়াৰ সৈতে আসক্তসকলৰ চিকিৎসা, পুনর্বাসন অপৰাধ আৰু আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ বিষয়টো জড়িত হৈ আছে। এই সমস্যাৰ সন্মুখীন হোৱা বাবে চৰকাৰে সমন্বিত ব্যৱস্থা গ্ৰহণৰ দিশত আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। ব্যক্তিগত পুনর্বাসন কেন্দ্ৰসমূহৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিষয়টো চৰকাৰী পৰ্যায়ত আলোচনা কৰা হৈছে। তেওঁ লগতে ব্যক্তিগত পুনর্বাসন কেন্দ্ৰসমূহ কঠোৰভাৱে নিৰীক্ষণ কৰাৰ প্রয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।