ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে আজি মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। শ্ৰীতিৱাৰীয়ে ভাৰত-বাংলাদেশ সীমান্তত প্রায় ২ কোটি টকা ব্যয় সাপেক্ষ নির্মীয়মান ছেকেণ্ড লাইন ডিফেন্সৰ সীমান্ত আৰক্ষী চকীৰ কাম-কাজৰ বুজ লয়। আৰক্ষী চকীৰ কাম–কাজ প্রায় সম্পূৰ্ণ হৈছে আৰু অতি সোনকালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আৰক্ষী চকীটো আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে শ্ৰীতিৱাৰীয়ে আজি জিলা আৰক্ষী প্ৰশাসনৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে বাঘাপাৰা এলেকাত জে’লৰ ভূমি পৰিদৰ্শন কৰে।
Assamese | July 19, 2025 10:17 PM | mankachor india-bangladesh ajay tiwari
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ