দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আজি ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মিনহাজ চৌধুৰীৰ লগতে বিভিন্ন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, নার্চ আৰু আশাকৰ্মীৰ উপস্থিতি এই সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মহিলাসকলে গৰ্ভধাৰণৰ তিনি মাহ আগত আৰু গৰ্ভৱতী হোৱাৰ প্রথম তিনি মাহলৈ ফলিক এচিদ সেৱন কৰাটো অতিকৈ জৰুৰী বুলি অনুষ্ঠানটোত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে প্ৰতিটো উন্নয়ন খণ্ড আৰু উপ-স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কর্মীসকলে প্ৰতিখন গাঁৱৰ মহিলাসকলৰ মাজত এই ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগতা অভিযান চলোৱা হ’ব বুলি সংবাদমেলযোগে স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | March 17, 2025 6:25 PM | Mankachar
দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত ফলিক এচিদৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগতা সভাৰ আয়োজন