মঙলদৈ নগৰৰ ৫ নম্বৰ ৱাৰ্ডত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডত কেইবাটাও ঘৰ ভস্মীভূত হয় আৰু এজন লোক গুৰুতৰভাৱে আহত হয়। আজি দিনৰ প্ৰায় এক বজাত অঞ্চলটোত থকা তৰ্জাবেৰৰ এটা ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু ততালিকে এই জুই ওচৰৰ দুটা ঘৰলৈ বিয়পি পৰে। স্থানীয় লোক আৰু অগ্নিনির্বাপণ বাহিনীৰ ছখন বাহনে প্ৰায় ডেৰ ঘণ্টাৰ মূৰত এই জুই নির্বাপণ কৰে। এই ঘটনাত গুৰুতৰভাৱে অগ্নিদগ্ধ মুকুট আলী নামৰ লোকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Assamese | June 20, 2025 8:47 PM | mangaldoi fire
মঙলদৈৰ ৫ নম্বৰ ৱাৰ্ডত সংঘটিত অগ্নিকাণ্ডত কেইবাটাও ঘৰ ভস্মীভূত, এজন লোক আহত