কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মণ্ডাভিয়াই ২০২৪-ৰ ফিবা 3×3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত হোৱাৰ বাবে আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰীক অভিনন্দন জনাইছে। এই প্রতিযোগিতাখন চলিত মাহৰ ২৬ তাৰিখৰ পৰা হাংগেৰীৰ ডেৱেচেনত আৰম্ভ হ’ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° মণ্ডাভিয়াই চৰকাৰৰ খেলো ইণ্ডিয়াৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে এই কাৰ্যসূচীয়ে উচিত প্রতিভা উলিয়াই অনাৰ ক্ষেত্ৰত বিশেষভাৱে সফল হৈছে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত খেলো ইণ্ডিয়াৰ কাৰ্যসূচী উচ্চ শিখৰলৈ অগ্ৰসৰ হৈছে।
Assamese | August 22, 2024 5:43 PM | Fiba selection
আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰী ২০২৪-ৰ ফিবা 3×3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত