মাজুলী জিলা স্বাস্থ্য বিভাগৰ অধীনৰ কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আজি মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চকু ৰোগ, দাঁতৰ ৰোগ, সাধাৰণ স্বাস্থ্য, স্ত্ৰী ৰোগ আদিৰ চিকিৎসা কৰা হয়। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসক উপস্থিত থকা এই শিবিৰৰ আৰম্ভণিতেই ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বিদ্যালয়খনৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইয়াৰ পাছতেই মিছামৰা আৰু কাষৰীয়া অঞ্চলৰ ১০২গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে দিহা-পৰামৰ্শ প্ৰদান কৰে। শিবিৰত যক্ষ্মা, মেলেৰিয়া আদি ৰোগ চিনাক্তকৰণৰ পৰীক্ষা কৰা হয় ৷
Assamese | August 29, 2024 8:59 PM | majuli health camp
মাজুলীৰ মিছামৰা প্ৰাথমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ