উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা ৩০ জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত স্থাপন কৰে। ভকত-বৈষ্ণৱৰ নাম প্ৰসংগ, গায়ন-বায়ন, খোল- তালৰ ধ্বনিৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অহা ২৯ জানুৱাৰীত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত সত্ৰখনৰ ৪০ গৰাকী বৈষ্ণৱে কুম্ভমেলালৈ যাত্ৰা কৰিব। দলটোৱে শ্ৰীমন্ত শংকৰদেৱৰ অমৰসৃষ্টি ৰাম বিজয় নাট পৰিৱেশন কৰিব ।
Assamese | January 22, 2025 12:27 PM | mahakumbhamela satradhikar
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱৰ সত্ৰীয়া সংস্কৃতি পৰিৱেশন