লোকসভাই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত অনুমোদন দিছে। চৰকাৰে ৮৭ হাজাৰ ৭৬২ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ বাবে সংসদৰ অনুমোদন বিচাৰিছিল। সদনে লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিনিয়োজন বিধেয়কতো অনুমোদন দিছে।
এই সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ দ্রুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম আৰু বিগত তিনি বছৰত দেশৰ মুঠ ঘৰুৱা উৎপাদন গড়ে ৮ দশমিক ৩ শতাংশ হোৱা দেখা গৈছে। অনাগত সময়তো দেশৰ অর্থ-ব্যৱস্থাৰ বিকাশৰ এই যাত্রা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
Assamese | December 17, 2024 8:12 PM | Loksabha
২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত লোকসভাৰ অনুমোদন