বিগত কেইটামান বছৰত দেশত নিবনুৱাৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস পাইছে বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী শোভা কৰন্দলাজে আজি লোকসভাত প্রকাশ কৰে। তেওঁ কয় যে শেহতীয়া বার্ষিক শ্রম জৰীপ প্রতিবেদন অনুসৰি ২০২০-২১ বর্ষত ১৫ বছৰৰ ঊর্ধৰ লোকৰ ক্ষেত্রত নিবনুৱাৰ হাৰ ৪.২ শতাংশৰ পৰা ২০২২-২৩ বর্ষত ৩.২ শতাংশলৈ হ্রাস পাইছে। এই প্রতিবেদন অনুসৰি নিয়মীয়াকৈ দৰমহা লাভ কৰি থকা কর্মচাৰীসকলৰ শেহতীয়া সাপ্তাহিক স্থিতি অনুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে দৰমহা ২০ হাজাৰ টকাৰো অধিক হৈছেগৈ। ২০১৮ চনৰ একেই সময়ছোৱাত এই দৰমহা ১৬ হাজাৰ ৮৪৮ টকা আছিল বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | July 22, 2024 6:57 PM | Lok Sabha
বিগত কেইটামান বছৰত দেশত নিবনুৱাৰ হাৰ উল্লেখনীয়ভাৱে হ্রাস পাইছে বুলি লোকসভাত শোভা কৰন্দলাজৰ প্ৰকাশ