ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ কৈল্যান বেনাৰ্জীক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পৰা এদিনৰ বাবে নিলম্বন কৰিছে। সংসদ ভৱনত আজি অনুষ্ঠিত কমিটিৰ বৈঠকৰ সময়ত কৰা অশোভনীয় আচৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সূত্ৰৰ পৰাজানিব পৰা মতে, বৈঠকৰ সময়ত বিজেপি সাংসদ অভিজিত গংগোপধ্যায়ৰ সৈতে শ্রীবেনাৰ্জীৰ তীব্ৰ বাক বিতণ্ডা হয় আৰু ইয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে অশোভনীয় আচৰণ প্ৰদৰ্শন কৰে। বিজেপি সাংসদ জগদম্বিকা পালৰ অধ্যক্ষতাত অনুষ্ঠিত কমিটিৰ আজিৰ বৈঠকত ওড়িশাৰ কটকস্থিত জাষ্টিছ ইন ৰিয়েলিটি, পঞ্চ সখা বাণী প্ৰচাৰ মণ্ডলী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগৰ ৫ গৰাকী সাংসদে দিহা পৰামৰ্শ আগবঢ়োৱাৰ কথা আছিল।
Assamese | October 22, 2024 9:17 PM | Kalyan banrjee
কৈল্যান বেনাৰ্জীক অশোভনীয় আচৰণৰ বাবে ৱাফ সংশোধনী বিধেয়ক ২০২৩ সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটিৰ পৰা নিলম্বন