পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেতিয়াৰ পৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মাইকেল জোথানখুমাই দায়িত্ব পালন কৰি আহিছিল।
Assamese | July 21, 2025 11:28 AM | Justice Ashutosh Kumar today took oath as the Chief Justice of Gauhati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ