যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলে আজি জিলাখনৰ বিভিন্ন অঞ্চলত চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৰে। কৃষি বিভাগৰ দলটোৰ তৰফৰ পৰা কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সংহত কীট নিয়ন্ত্রণ পদ্ধতি প্ৰচাৰ কৰা হয়। দলটোৱে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ কৃষকৰ পৰা ক্ষয়-ক্ষতিৰ বুজ লয় আৰু সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
Assamese | August 26, 2024 8:46 PM | jorhat paddy filed visit
যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলৰ জিলাখনৰ চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন