পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যচার্য যতীন গোস্বামীক আজি দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক জয়ন্ত বৰুৱাই শ্ৰী গোস্বামীক এই বঁটা প্ৰদান কৰে। দ্রোণ ভাগৱতী, পাৰুল ভাগৱতী স্মৃতি ন্যাসে আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানলৈ নৃত্যচাৰ্যগৰাকীক গায়ন-বায়নেৰে আদৰি অনা হয়। বঁটা গ্ৰহণ কৰি শিল্পীগৰাকীয়ে অতীতৰ কিছু স্মৃতিক ৰোমন্থন কৰে। অনুষ্ঠানত সাদিন, সাতসৰীৰ সম্পাদক, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য হাজৰিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য অজিত বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
Assamese | July 4, 2025 7:35 PM | Jatin Goswami
নৃত্যচার্য যতীন গোস্বামীক দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা প্ৰদান