মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ এছেম্বেলিং এণ্ড টেষ্টিং প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেট মন্ত্ৰী, মুখ্য সচিবসহ ৰাজ্য প্ৰশাসনৰ সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকলক লৈ প্ৰকল্প নির্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কাৰ্যবাহী আশীষ মিশ্ৰই মুখ্যমন্ত্ৰীগৰাকীক অহা অক্টোবৰৰ ভিতৰত এই প্ৰকল্পত ছেমি কণ্ডাক্টৰ চিপছ্ উৎপাদন আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।
Assamese | January 16, 2025 8:08 PM | jagiroad semiconductor cm visit
জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ এছেম্বেলিং এণ্ড টেষ্টিং প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই