August 10, 2026 1:26 PM | Har Ghar Tiranga

printer

ৰাজ্যত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে তিৰংগা সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত তিৰংগা যাত্রা সন্দর্ভত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা যাত্রা সফল আৰু সর্বাংগীণভাৱে ৰূপায়ণৰ লগতে এই দেশপ্রেমমূলক কার্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

শ্রীভূমি জিলাত আজি ত্ৰিৰংগ পতাকা সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে, অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্রস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ১৪ আগষ্ট পর্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ ৩৫টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা ১৫ আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আল্পনা আৰু প্রদর্শনীৰ আয়োজন কৰা হৈছে। ১২ আগষ্টৰ বিয়লি চাইকেল সমদল, ১৩ আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু ১৪ আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে মাইগভ পার্টেলত অনলাইন কুইজ প্রতিযোগিতাও অনুষ্ঠিত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধীনৰ সমগ্র এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, বাদ্য যন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক হৰ ঘৰ তিৰংগা অভিযানত উদ্যমেৰে অংশগ্ৰহণ কৰি বিকশিত ভাৰত নিৰ্মাণত অৱদান আগবঢ়োৱাৰ সামূহিক সিদ্ধান্তক অধিক দৃঢ় কৰিবলৈ আহ্বান জনাইছে। সংস্কৃতি মন্ত্রালয়েও সকলো নাগৰিকক নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁলোকৰ ছেল্ফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ আহ্বান জনাইছে।