ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক চেত্ৰীয়ে ২০০৫ চনৰ ১২ জুনত তেওঁৰ প্ৰথমখন খেল খেলিছিল। নিজৰ খেলুৱৈ জীৱনত চেত্ৰীয়ে ১৫০খন আন্তঃৰাষ্ট্ৰীয় খেল খেলি ৯৪টা গ’লেৰে আন্তঃৰাষ্ট্ৰীয় খেলত তৃতীয় সৰ্বাধিক গ’ল কৰাৰ অভিলেখ ৰচনা কৰি থৈছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ’ল কৰা খেলুৱৈৰ তালিকাত পর্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো শীৰ্ষত থকাৰ বিপৰীতে আৰ্জেণ্টিনাৰ লিয়নেল মেছি দ্বিতীয় স্থানত আছে।
Assamese | May 16, 2024 6:34 PM | Indian football legend Sunil Chhetri
ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰৰ কথা ঘোষণা