ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ আগলি বতৰাৰে ৰেড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা ২৪ মে’পর্যন্ত পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্রদেশ, পূব ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ্ড গ্রীষ্মপ্ৰৱাহৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে বিভাগে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত দেশৰ দক্ষিণ অংশত অহা পাঁচ দিনলৈ ধাৰাষাৰ বৰষুণৰ বাবে অৰেঞ্জ এলার্ট জাৰি কৰিছে। তামিলনাডু পুড়ুচেৰী, কাৰাইকাল, মাহে আৰু দক্ষিণ কৰ্ণাটকত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। ইপিনে পৰৱৰ্তী দুটা দিনৰ পাছত কেৰালাতো বৰষুণ বৃদ্ধি পাব বুলি বিভাগে জানিবলৈ দিছে। বিভাগে পশ্চিম বংগ, ছিকিম, অসম, আৰু মেঘালয়ৰ বাবেও একে ধৰণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বংগোপসাগৰৰ দক্ষিণ-পশ্চিম অংশত কাইলৈ নিম্ন চাপ সৃষ্টি হ’ব পাৰে বুলি বিভাগে জানিবলৈ দিছে।
Assamese | May 21, 2024 11:37 AM | India Meteorological Department (IMD)
উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অহা চাৰিদিনলৈ ৰেড এলার্ট জাৰি